আমেৰিকান কবি, সমালোচক এজৰা পাউণ্ডে সাহিত্য সম্পৰ্কে এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছিল। তেওঁ কৈছিল, “Great literature is simply language charged with meaning to the utmost possible degree”. সাহিত্য মানৱ জীৱনৰ অনুভৱ, চিন্তা, কল্পনা আৰু অভিজ্ঞতাৰ শৈল্পিক প্ৰকাশ। ভাষাৰ সহায়ত মানৱ সমাজৰ সুখ-দুখ, আশা-নৈৰাশ্য, প্ৰেম-বিদ্বেষ আদি অনুভূতিসমূহ সাহিত্যৰ মাজেৰে প্ৰকাশ পায়। সাহিত্য কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, ই সমাজক চিন্তাশীল কৰি তোলাৰ লগতে নৈতিক মূল্যবোধ গঢ় দিয়াতো গুৰুত্বপূৰ্ণ ভূমিকা লয়।
সাহিত্যৰ প্ৰধান শাখাসমূহ হ’ল কবিতা, গদ্য, নাটক, প্ৰবন্ধ আৰু উপন্যাস। কবিতাত ভাষাৰ সৌন্দৰ্য আৰু অনুভৱৰ গভীৰতা প্ৰকাশ পায়, গদ্যত জীৱনৰ বাস্তৱ ছবি স্পষ্টভাৱে প্ৰতিফলিত হয়, নাটকত সমাজৰ দ্বন্দ্ব আৰু সমস্যা মঞ্চত উপস্থাপন কৰা হয়, আৰু উপন্যাসে জীৱনৰ বহুমুখী দিশ বিস্তৃত ৰূপত দাঙি ধৰে।
অসমীয়া সাহিত্য অসমীয়াৰ ভাষা, সংস্কৃতি আৰু ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ পৰিচায়ক। সাহিত্যৰ জৰিয়তে সমাজৰ ইতিহাস, পৰিবৰ্তন আৰু জনজীৱনৰ বাস্তৱতা সংৰক্ষিত হৈ থাকে। সেয়ে সাহিত্য মানৱ সমাজৰ আত্মাৰ দৰ্পণ বুলি কোৱা হয়।
কাকত আলোচনীৰ যোগেদি সাহিত্য চৰ্চাই সমাজলৈ এক নিৰৱ পৰিৱৰ্তন আনি দিয়ে। এই পৰিৱৰ্তন সংস্কাৰমুখী, গণমুখী আৰু সভ্যতাৰ দিশে আগবঢ়া। ছপা মাধ্যমৰ জন্মৰ পিছৰেপৰা মানৱ জাতিয়ে নিজৰ নিজৰ চিন্তা আৰু ধাৰণাক সাহিত্যৰ মাধ্যমেৰে জনসমাজলৈ এৰি থৈ গৈছে। এই সৃষ্টিশীলতাৰে সমৃদ্ধ আমাৰ সমাজ, আমাৰ সভ্যতা।
বৰ্তমান বিশ্বায়নৰ যুগত পৰিৱৰ্তিত সমাজ আৰু যুগৰ স’তে খাপ খাব পৰাকৈ ছপা মাধ্যমৰ লগতে মানৱ জাতিয়ে নৱ্য মাধ্যমৰ দ্বাৰাও সাহিত্য চৰ্চা কৰিবলৈ আৰম্ভ কৰিলে। ইণ্টাৰনেটৰ সুলভতাই সাহিত্য চৰ্চাৰ পৰিসৰ আৰু বৃদ্ধি কৰিলে। ইণ্টাৰনেটত সাহিত্য চৰ্চাৰ পৰিৱেশ সম্প্ৰতি জনপ্ৰিয় হৈ পৰিছে আৰু সকলোৱে আদৰি লৈছে।
এনেধৰণৰ প্ৰেক্ষাপটত ধেমাজি জিলা অধিবিদ্যা পৰিষদৰ আলোচনা মৰ্মে জন্ম হৈছে ই-আলোচনী “বিভাসা”। মূলতঃ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক কচৰৎৰ কঠিয়াতলী হিচাপে পৰিগণিত হোৱা এই ই-আলোচনীখনে আশা কৰো সকলোকে উপকৃত কৰিব। আলোচনীখনৰ বাবে লেখা পঠিয়াই আলোচনীখনক এক অনন্য মাত্ৰা প্ৰদান কৰা সকলো সন্মানীয় লেখক-লেখিকাক সম্পাদনা সমিতিৰ তৰফৰপৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ই-আলোচনী খন প্ৰকাশ কৰি এই পৰ্যায়ত পোৱালৈ পৰামৰ্শ,সাহস আৰু উৎসাহ যোগোৱা ধেমাজি জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক মাননীয়া কবিতা ডেকা বাইদেউ ও সম্পাদনা সমিতিৰ প্ৰতিজন বিষয়ববীয়াৰ সহযোগিতাক আন্তৰিক সলাগ লোৱাৰ লগতে গভীৰ কৃতজ্ঞতা জ্ঞাপব কৰিছোঁ। শেষত আলোচনীখনত অনিচ্ছাকৃতভাৱে থাকি যোৱা ভুল-ত্ৰুটিৰ বাবে মাৰ্জনা বিচাৰিছোঁ।
