ক্ষীৰদা চুতীয়া
সহকাৰী শিক্ষয়িত্ৰী, বৰুৱা ব্লক হাইস্কুল
ধেমাজি
ফোন নং ৭০০২১৬৬৮৭৬
পঞ্চদশ শতিকাত জন্ম গ্ৰহণ কৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমৰ জাতীয় জীৱনৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ। বিশ্বৰ আন আন মহান শিল্পী সাহিত্যিকৰ দৰে মহাপুৰুষ শঙ্কৰদেৱ আছিল এগৰাকী প্ৰতিভাশীল চিন্তা আৰু উচ্চ ক্ষমতাশালী মহান শিল্পী। যিজনক বাদ দি অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ কথা ভাবিবই নোৱাৰি।
মহাপুৰুষ শঙ্কৰদেৱে অঙ্কীয়া নাট পঞ্চদশ শতিকাতে শুভাৰম্ভ কৰিছিল। তেৰাৰ ৰচিত নাটসমূহ সংস্কৃত কথিত ভাষা (অসমীয়া) আৰু মৈথেলী ভাষাৰ অপূৰ্ণ সংমিশ্ৰণ ঘটাই সৃষ্টি কৰা ব্ৰজাৱলী ভাষাত ৰচিত আধ্যাত্মিক ভাৱযুক্ত সমূহকেই অঙ্কীয়া নাট নামেৰে অভিহিত কৰা হৈছে। নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ আহিলা হিচাবে ভক্তিমূলক অঙ্কীয়া নাটৰ সৃষ্টি কৰা হৈছিল। মহাপুৰুষ শঙ্কৰ মাধৱদেৱ দুয়োজনাই অঙ্কীয়া ভাওনাৰ জন্মদাতা পিতৃ আৰু তেৰাসকলে ভাওনাৰ সৃষ্টি কৰিছিল। জনা যায় যে যি কোনো এটি বিশেষ আদৰ্শ জনসমাজত প্ৰচাৰ কৰিবলৈ নাটকৰ বাহিৰে অন্য কোনো অধিক শক্তিশালী মাধ্যম পোৱা নাযায়। জনসাধাৰণৰ অন্তৰত আধ্যাত্মিক চেতনা জাগ্ৰত কৰিবলৈ শ্ৰীকৃষ্ণ বা ৰামৰ প্ৰতি অধিক আকৰ্ষণ আৰু মনপ্ৰাণ ভক্তিৰসত নিমজ্জিত হ’বলৈ ভাওনা যে উপযুক্ত মাধ্যম সেই কথা সকলোৱে উপলব্ধি কৰে। সেই কাৰণে অঙ্কীয়া ভাওনা মহাপুৰুষ দুজনাৰ বিশেষ কলা-কৌশলপূৰ্ণ ধৰ্মমূলক বুলি কোৱা হয়।
সামাজিক শিষ্টাচাৰ আৰু লোক-শিক্ষাৰ কাৰণে ভাওনাৰ সৃষ্টি। দুষ্টক দমন আৰু সন্তক পালনৰ আদৰ্শ ভাওনাত পৰিস্কাৰভাৱে পোৱা যায়। ভগৱন্তত ভক্তিৰতি বাঢ়িবলৈ নাট ভাওনাৰ প্ৰয়োজন আছে। শঙ্কৰদেৱ গুৰুজনা অঙ্কীয়া নাট ৰচনাৰ মূল লক্ষ্য আছিল একশৰণ ভক্তিধৰ্মৰ প্ৰচাৰ। ভগৱান শ্ৰীকৃষ্ণৰ মহিমা জগতত প্ৰচাৰ কৰি ভক্তি ৰসৰ দ্বাৰা জাতিৰ উত্তৰণ ঘটোৱাই হৈছে নাটকৰ মূল লক্ষ্য আৰু উদ্দেশ্য। তেৰাই ভাগৱত পুৰাণ ৰামায়ণ আদি ধৰ্ম কাব্যৰ পৰা কাহিনীসমূহলৈ নৱৰসৰ সমাৱেশেৰে অঙ্কীয়া নাট ৰচনা কৰিছিল। শ্ৰীমন্ত শঙ্কৰদেৱে সাংস্কৃতিক মনোৰঞ্জনৰ দ্বাৰা ঈশ্বৰ উপলব্ধিৰ সহজ আৰু সুদূৰ প্ৰসাৰী পথৰ সূচনা কৰিছিল ‘চিহ্ন যাত্ৰা’ প্ৰদৰ্শনৰ যোগেদি। ‘চিহ্ন যাত্ৰা’ অভিনয়ৰ সফল ৰূপায়ন আৰু দৰ্শকৰ অভূতপূৰ্ব সহাৰিয়ে মহাপুৰুষ শঙ্কৰদেৱক পাছৰ পৰ্য্যায়ত অঙ্কীয়া নাটসমূহ ৰচনাৰ বাবে প্ৰেৰণা যোগালে। বৰদোৱাত থকা সময়ত গুৰুজনাই ভকতসকলৰ অনুৰোধ ক্ৰমে বৈকুণ্ঠৰ চিত্ৰপট আঁকি চিহ্ন যাত্ৰা নামে নাট প্ৰদৰ্শন কৰি দেখুৱালে। বৰদোৱা কীৰ্ত্তনঘৰ চৌহদত ‘চিহ্ন যাত্ৰা’ নাট প্ৰদৰ্শন কৰি হেজাৰ হেজাৰ দৰ্শকক বিস্ময় ভূত কৰিলে। ইয়াৰ পাছত গুৰুজনাই ৬ খন নাট ৰচনা কৰিলে। সেইকেইখন নাট হ’ল – পত্নী প্ৰসাদ, কালিয় দমন, কেলি গোপাল (ৰাসক্ৰীড়া), ৰুক্মিণী হৰণ নাট, পাৰিজাত হৰণ নাট, ৰামবিজয় নাট (সীতা স্বয়ম্বৰ)।
পত্নী প্ৰসাদ ঃ 
এই নাটকত গুৰুজনাই কাহিনীভাগ শ্ৰীমদ্ভাগৱত গ্ৰন্থৰ দশম স্কন্ধৰ তেইশতম অধ্যায়ৰ পৰা লোৱা হৈছে। ভক্তিমাৰ্গৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰাই এই নাটৰ মূল লক্ষ্য।
“যাগ-যজ্ঞত আস্থাশীল” পাণ্ডিত্যাভিমানী আৰু ভক্তি বিৰোধী ব্ৰাহ্মণ সকলৰ লগত কৃষ্ণভক্তি পৰায়ণ ব্ৰাহ্মণ পত্নী আৰু গোপসকলৰ বিৰোধক ভেটি কৰি পত্নী প্ৰসাদ নাটৰ কাহিনী আৰু গোপসকলৰ বিৰোধক ভেটি কৰি পত্নী প্ৰসাদ নাট্যকাহিনী ৰচিত হৈছে। এই নাটখনত কৰ্ম্ম মাৰ্গ আৰু ভক্তিমাৰ্গৰ বিৰোধৰ ভেটিত ভক্তিমাৰ্গৰ শ্ৰেষ্ঠতা নাটখনত প্ৰতিপন্ন কৰিছে।
এদিনাখন কৃষ্ণই বালক সকলৰ সৈতে কালিন্দী নৈৰ পাৰত গৰু চৰাই আছিল। তেওঁলোকৰ ভাগৰ লগাত কৃষ্ণৰ সৈতে এজোপা অশোক গছৰ তলত জিৰণি ল’লে। এনেতে তেওঁলোকৰ আটাইৰে ভোক লাগিল। তেতিয়া গোপ বালকসকলে কৃষ্ণক ভোগ লাগিছে আৰু খাদ্য যোগাৰ কৰি দিবলৈ ক’লে। সেই সময়ত তাৰ ওচৰতে থকা এজন ব্ৰাহ্মণৰ ঘৰত ব্ৰাহ্মণ সকলে যজ্ঞ কৰি আছিল। কৃষ্ণই গোপ বালক সকলক তালৈকে যাবলৈ ক’লে আৰু কৃষ্ণৰ কথামতে গোপ বালক সকলে ব্ৰাহ্মণৰ ঘৰলৈ গ’ল। গোপ বালক সকলক ব্ৰাহ্মণ সকলে ক’লে যে দেৱতাৰ বাবেহে তেওঁলোকে যজ্ঞ পাতিছে। তেওঁলোক উচ্চ স্তৰৰ লোক। গতিকে তেওঁলোকে সাধাৰণ গোপ বালকসকলক অন্ন প্ৰসাদ নিদিয়ে। এই দৰে ব্ৰাহ্মণসকলে গবৰ্ব কৰি গোপ বালকসকলক তাৰপৰা খেদাই দিলে। গোপ বালকসকলে পুনৰ কৃষ্ণৰ ওচৰলৈ গৈ ক’লে যে ব্ৰাহ্মণে গবৰ্ব কৰি তেওঁলোকক খেদি দিলে। তেতিয়া কৃষ্ণই গোপ বালকসকলক ব্ৰাহ্মণীসকলৰ ওচৰলৈ গৈ অন্ন বিচাৰিবলৈ ক’লে। সেইমতে তেওঁলোকে এইবাৰ ব্ৰাহ্মণীসকলক কৃষ্ণৰ কথা কৈ অন্ন বিচাৰিলে। ব্ৰাহ্মণীসকলে কৃষ্ণ বুলি জানি পৰম আনন্দ মনেৰে নানা সুগন্ধি অন্ন ব্যঞ্জন, পিঠা-পনা, পৰমান্ন আদি থালত ভৰাই আনি দিলে। গোপ বালকসকলে উদৰপুৰাই অন্ন-ব্যঞ্জন খালে আৰু তেওঁলোকৰ ভোক গুচিল। ব্ৰাহ্মণীসকলে কৃষ্ণৰ মহিমা বুজি কৃষ্ণক চিন্তা কৰি কৃষ্ণ প্ৰেমত মতলীয়া হৈ পৰিল। কৃষ্ণক চাবলৈ তেওঁলোক ওলাই গ’ল। তেতিয়াহে ব্ৰাহ্মণসকলে ভগৱান কৃষ্ণক তেওঁলোকে কৰা অহংকাৰ আৰু গবৰ্বৰ বাবে খেদ প্ৰকাশ কৰিলে। ব্ৰাহ্মণীসকলে কৃষ্ণক প্ৰাৰ্থনা কৰাত কৃষ্ণ সন্তুষ্ট হ’ল। প্ৰথমে ব্ৰাহ্মণসকলে ব্ৰাহ্মণীসকলক বাধা প্ৰদান কৰিছিল যদিও পাছত কৃষ্ণ যে পৰম পুৰুষ ভগৱন্ত তাক বুজিব পাৰি কৃষ্ণত শৰণলৈ কৃষ্ণভক্তি কৰিবলৈ ধৰিলে।
কালিয় দমন নাট ঃ
শঙ্কৰদেৱে পাটবাউসীত থাকোতে কালিয় দমন নাট ৰচনা কৰিছিল। এই নাট ভাগৰ মূল ভাগৱতৰ দশম স্কন্ধ। দুস্কৰ্মৰ অনুশোচনা আৰু ভগৱানৰ ওচৰত আত্মসম্পৰ্ণ এয়ে কালিয় দমন আখ্যানৰ মূল কথা। এদিন গ্ৰীষ্মৰ প্ৰখৰ উত্তাপত পীড়ত তৃষ্ণাতুৰ গোপবালক আৰু ধেনুবৎস গণে কালিয় হ্ৰদত কালি নাগৰ বিষ মিশ্ৰিত জলপান কৰি অচেতনন হোৱা কাৰ্য কৃষ্ণই প্ৰত্যক্ষ কৰে। কিন্তু পিছত কৃষ্ণৰ পৰশত সকলোৱে চেতনাপ্ৰাপ্তি ঘটে। দুষ্ট কালি নাগক দমন কৰাৰ প্ৰয়াসেৰে শ্ৰীকৃষ্ণই কালিয় হ্ৰদত জাপ দিয়ে আৰু ক্ৰোধাম্বিত সৰ্পৰাজে কৃষ্ণক নেজেৰে মেৰাই ধৰি দংশন কৰে। কৃষ্ণ ক্ষন্তেকৰ কাৰণে অচেতন হৈ পৰি থকা দেখি গোপবালক আৰু নন্দ-যশোদাই পৰম তাপিত হৈ কান্দিবলৈ ধৰে। তেতিয়া কৃষ্ণই পৰম বিক্ৰমেৰে কালি নাগৰ বন্ধনৰ পৰা মুক্ত হৈ হাজাৰ ফণাৰ ওপৰত থিয় হৈ নৃত্য কৰিবলৈ ধৰিলে। পৰম পুৰুষ ভগৱান কৃষ্ণৰ ভৰ সহিব নোৱাৰি কালি নাগৰ নাকে-মুখে তেজ ওলাল আৰু মৃতপ্ৰায় অৱস্থা হ’ল। তেতিয়া পতিক ৰক্ষা কৰিবলৈ কালি পত্নীগণে কৃষ্ণ স্তুতি আৰম্ভ কৰিলে। অৱশেষত কালি নাগৰ দৰ্পচুৰ্ণ হ’ল আৰু কৃষ্ণক স্তুতি কৰিলে। স্তুতিত সন্তুষ্ট হৈ কৃষ্ণই কালিক ক্ষমা কৰিলে আৰু সাগৰৰ মাজৰ ৰমণক দ্বীপলৈ যাবলৈ নিৰ্দেশ দিলে।
কেলি গোপাল (ৰাসক্ৰীড়া) ঃ
গুৰুজনাই ভাগৱতৰ দশম স্কন্ধৰ উনবিংশ অধ্যায়ৰ পৰা কৃষ্ণৰ ৰাসলীলা বৰ্ণনা কৰা হৈছে। ‘কেলি গোপাল’ নৃত্য গীত মুখৰ নাট। ‘ৰাস’ শব্দই বহু নৰ্তকীযুক্ত নৃত্য বিশেষক বুজায়। নৃত্য আৰু গীতেই হৈছে ‘কেলি গোপাল’ৰ অভিনেয় বস্তু। ইয়াত যি ঘটনা আৰু কাহিনী আছে সিও নৃত সাধক আগবঢ়াই নিয়াৰ মাধ্যমেহে। পৰমাত্মাৰ লগত জীৱাত্মাৰ মিলনেই হ’ল এই নাটৰ মূল কাহিনী।
শৰতৰ জোনাক ৰাতিৰ সপোন মাধুৰী পৰিবেশ সৃষ্টি কৰিছে। শৰৎ কালৰ পূৰ্ণিমা ৰাতি প্ৰফুল্লিৰ মল্লিকাৰ সৌৰভ শ্যামল বৃন্দাবনৰ শোভা যমুনাৰ ধীৰ প্ৰবাহ আৰু দাঁতিৰ শুভ পুলিন, কৃষ্ণৰ সুমধুৰ বংশী ধ্বনি শুনি গোপীসকলে পতি, পুত্ৰ, গৃহ পৰিত্যাগ কৰি বৃন্দাবনলৈ উধাতু খাই ঢাপলি মেলিছে। বৃন্দাবনত কৃষ্ণৰ লগত গোপীসকলে নৃত্য গীতত মচগুল হৈছে, ৰাস নৃত্য কৰিছে। ৰাসক্ৰীড়াৰ কিছুদিনৰ পাছত গোপীসকলৰ সৈতে বলোৰাম আৰু কৃষ্ণই যমুনাৰ পাৰত ক্ৰীড়া কৰি থাকোতে শঙ্খচুড় নামে এটা যক্ষ সেই ঠাইত উপস্থিতহৈ কেইগৰাকীমান গোপীক চলেৰে ধৰিলৈ যোৱাত বাকীখিনি গোপীক বলোৰামৰ তত্ত্বাৱধানত ৰাখি কৃষ্ণই শঙ্খচুড়ক বধ কৰি গোপীক উদ্ধাৰ কৰে। তাৰ পিছত কৃষ্ণৰ অন্তৰ্দ্ধান, গোপীসকলৰ কৃষ্ণান্বেষণ, তেওঁলোকৰ কৃষ্ণ ভাৱনা আৰু অৱশেষত পুনৰ মিলন। এইয়াই হ’ল কেলি গোপালৰ মূল কাহিনী। ইয়াত কৃষ্ণ আৰু গোপীসকলৰ প্ৰেমভাৱ দৰাচলতে আধ্যাত্মিক পৰ্য্যায়ৰ।
ৰুক্মিণী হৰণ ঃ
ৰুক্মিণী হৰণ নাটৰ কাহিনী ‘ভাগৱত’ৰ দশম স্কন্ধৰ পৰা বৰ্ণনা হোৱা কথা শ্ৰীকৃষ্ণৰ প্ৰেম আৰু পৰমাত্মাৰ লগত জাগতিক মিলনেই এই নাটকৰ মূল বিষয়বস্তু। নাটকৰ আৰম্ভণিতে দৰ্শক সমাজক সমস্ত ধৰ্মৰ ৰজা ভগৱন্তৰ নাম ল’বলৈ উপদেশ দিছে। বেদনিধিৰ বচনত কৃষ্ণৰ মহিমা প্ৰকাশ কৰিছে এনেদৰে – “হে স্বামী শ্ৰীকৃষ্ণ তুহুঁ জগতক পৰম ঈশ্বৰ ঃ তুহুঁ দৈৱকী পুত্ৰ নাহি নাহিঃ ব্ৰহ্মা মহেশ সেবিতঃ শ্ৰীনাৰায়ণ যে তুহুঁ ভূমিক ভাৰ হৰণ নিমিত্তে অৱতাৰ ভেলি থিকঃ অঃ তোহুক মহিমা কি কহব।” কৃষ্ণৰ এই অপাৰ মহিমা বুজি নোপোৱাজনেৰে তেওঁৰ দ্ৰোহ আচাৰ আৰু তাৰ বাবে ফলো ভোগ কৰিব লাগে। ৰুক্মিণীৰ ভাতৃ অহংকাৰী কৃষ্ণদ্ৰোহী ৰুক্মবীৰ কৃষ্ণৰ সৈতে যুদ্ধত পৰাস্ত হোৱাত ৰুক্মিণীয়ে ভাতৃৰ প্ৰাণ ৰক্ষাৰ বাবে কৃষ্ণক কাতৰ কৰিছে। ভক্তৰ অনুৰোধ ৰক্ষা কৰি কৃষ্ণই ৰুক্মক প্ৰাণে নেমাৰিলেও গলে বস্ত্ৰ বান্ধি এ ধৰলঃ খড়গ ধড়িসে সব কেশ যুত্তাৱলঃ দাৰি গোফ ছমুভ্ৰু¸ সবাকো উপাড়লঃ মুখে কালি চুণ ঘটিছে ঢস্কা মাৰি পেলাৱল ঃ আহে লোকঃ দেখু দেখু যে হৰিক দ্ৰোহ কৰয়; হৰিগুণ নাম লৈভে নিন্দা কৰয়; মোহি পাপীক ওহি অৱস্থা দেখহ। জানি হৰি বোল। পুনৰ ওহি কৃষ্ণক চৰিত্ৰ কথাঃ যে সাধুসৱে শ্ৰদ্ধায়ে শুনেঃ যে সবক হৰিকৃষ্ণ মিলেকঃ এই বুলি হৰি ভক্তিৰ মহিমা প্ৰকাশ কৰি ভগৱন্ত দ্ৰোহীজনৰ গবৰ্ব ছেদ কৰি দেখুৱাইছে।
পাৰিজাত হৰণ ঃ
পাৰিজাত হৰণৰ মূল কাহিনী ভাগৱত পুৰাণ হৰিবংশ আৰু বিষ্ণুপুৰাণত পোৱা যায়। পাৰিজাত হৰণ নাটকত কৃষ্ণৰ মাহাত্ম্য প্ৰকাশ কৰা হৈছে। “হে কৃষ্ণ কোটি কোটি ব্ৰহ্মা ণ্ডেশ্বৰঃ তোহাৰি চৰণ ছোড়ি হামাৰ গতি নাই” বুলি। দেৱৰাজ ইন্দ্ৰৰ দ্বাৰাও কৃষ্ণৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে। দুষ্টক নাশ কৰি সন্তক পালনৰ হেতু ভগৱন্তৰ অৱতাৰ। সেয়েহে কৃষ্ণই পাপী নৰকাসুৰক বধ কৰি তেওঁৰ মাতৃ বসুমতীক আশ্বাস কৰিছে “তোহাৰি পুত্ৰ নৰকাসুৰ ভূমিক ভাৰ ভেলিঃ সে নিমিত্তে ইহাক মাৰি ভূমিক ভাৰ দূৰ কয়ল।” মায়াত আৱদ্ধ হৈ নিজৰ বল শক্তিত অহেতুক প্ৰাধান্য দি ঈশ্বৰ বিমুখ হোৱাৰ ফল কি সেয়া নাটখনত ইন্দ্ৰ আৰু কৃষ্ণৰ যুদ্ধৰ অন্তত প্ৰকাশ পাইছে। যুদ্ধত পৰাস্ত হৈ কৃষ্ণৰ আগত দণ্ডৱত হৈ ইন্দ্ৰই কৈছে – “হাঃ হাঃ হামু পাপী; মায়া মোহিত হুয়া পৰম ঈশ্বৰক যুদ্ধ কয়লঃ হামাক ধিক্কাৰ হোক। নাটকখনত কলি যুগমধেৎ ধৰম ওহি সাৰ। নাহি নাহি গতি হৰি ধৰ্ম আৰ।” বুলি নাম মহিমা ঘোষণা কৰি সৰ্বসাধাৰণৰ মাজলৈ ভক্তিধাৰা কোৱাই দিছে।
ৰাম বিজয় ঃ
ৰাম বিজয় নাটক গুৰুজনাৰ শেষ সাহিত্য কীৰ্তি। এই কাহিনীয় ৰামায়ণৰ পৰা গ্ৰহণ কৰিছে। ৰাম বিজয়েই হৈছে ৰাম বিষয়ক প্ৰথম অসমীয়া নাটক।
“শ্ৰীৰাম বিজয়” নাটৰ প্ৰথম গীতত মহাপাপীসবেও যে ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্ত্তন বা স্মৰণৰ দ্বাৰা ভৱমাৰ্গ তৰিব পাৰে তাৰ সন্ধান দিছে। “ওহি পৰম ঈশ্বৰঃ মহা হৰিক অংশ অৱতাৰ বুলি দৰ্শকক অযোধ্যাপতি ৰামচন্দ্ৰৰ প্ৰকৃত চিনাকি কৰাইছে। জনক নন্দিনী সীতাৰ স্বয়ম্বৰত উপস্থিত কামাসক্ত ৰজাসকলৰ দ্বাৰাই হৰি ভকতি বিহীন সকলৰ অৱস্থাৰ প্ৰত্যক্ষ কৰাইছে।
তেনেদৰে ৰুক্মিনী হৰণ নাটতো মহাদৰ্পী হৰি বিমুখ ৰজাসকলৰ অৱস্থাৰ বৰ্ণনা কৰা হৈছে। ভগৱন্ত শক্তিৰ আগত সকলো অপশক্তি নাশ হয়। সীতা স্বয়ম্বৰ পিছত ৰজাসকল ৰামৰ হাতত পৰাস্ত হৈ ছত্ৰভঙ্গ দিলে পৰশুৰামৰ ৰামৰ মহত্ব নুবুজি মহা গৰ্বৰে যুদ্ধ কৰিলে কিন্তু পৰাভূত হৈ মৃত্যু ভয়ত ৰামত শৰণ লৈছে। হে প্ৰভূ শ্ৰীৰামঃ তুহু পৰম ঈশ্বৰঃ হামু তোহাৰি অংশঃ ইহা নজানি দৰ্প কয়লোঃ হামাৰ দোষ মৰয় গোসঞি। ৰাম বিজয় নাটত পৰশুৰামক ৰামে প্ৰাণে নেমাৰি ক্ষমা প্ৰদান কৰিছে। ভগৱন্তৰ একান্তে শৰণ পশিলে মহা মহা দ্ৰোহীকো তেওঁ ক্ষমা কৰে, দয়া কৰে এই সত্য নাটকৰ জৰিয়তে দৰ্শকৰ আগত দাঙি ধৰিছে। মহাপুৰুষ শঙ্কৰদেৱৰ প্ৰায়বোৰ ৰচনাতে আধ্যাত্মিকভাৱৰ পূৰ্ণ প্ৰকাশ কৰিছে। গুৰুজনাৰ ধৰ্ম আৰু দৰ্শন সাহিত্য সংগীত অঙ্কীয়া নাট সমূহ প্ৰতিজন ব্যক্তিয়ে অনুধাৱন কৰিব পাৰিলেই সকলোৰে বাবে মঙ্গল।
সহায়ক গ্ৰন্থ ঃ
১। মহাপুৰুষ শঙ্কৰদেৱ – বাপচন্দ্ৰ মহন্ত
২। অসমৰ লোকনাট্য – ৰাম গোস্বামী
৩। সুধাসিন্ধু (স্মৃতিগ্ৰন্থ) – শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশন।
৪। ভকতিসিন্ধু (স্মৃতিগ্ৰন্থ) – শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ ৯৩ সংখ্যক বাৰ্ষিক অধিৱেশন।
৫। সচ্চিদানন্দ (স্মৃতিগ্ৰন্থ) – শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন।