বিপিন ডেকা
প্ৰধান শিক্ষক, বৰবাম আদৰ্শ উচ্চ মাঃ বিঃ
নৈতিকতা, আধ্যত্মিকতা অনুভৱবোৰ সাধাৰণতে বহুক্ষেত্ৰত জন্মসূত্ৰে প্ৰজন্ম ক্ৰমেও প্ৰবাহিত হৈ আহে বুলি বিশ্বাস কৰাৰ যুক্তিও নথকা নহয়। মানুহ যিহেতু এই ব্ৰহ্মাণ্ডৰ এক প্ৰজাতি মানৱৰ জীৱনত পূৰ্বপুৰুষৰ ৰক্ত ব্ৰহ্ম ধাৰা প্ৰবাহিত হোৱা বিষয়টো আমি নুই কৰিব নোৱাৰা, মাৰ্জিত নৈতিক আচৰণ সাধাৰণতে শিশু অৱস্থাৰ পৰাই জন্মসূত্ৰ আৰু পৰিয়াল পৰিৱেশৰ পৰাই দেহ মনত অন্তঃশ্ৰুত হিচাপে প্ৰবাহিত হয়। বৰ্তমান বস্তুবাদী সময়ত এক প্ৰতিযোগী প্ৰাণী হিচাপে মানৱ জীৱন পৰিচালিত হৈছে আৰু অত্যাধুনিক বৈজ্ঞানিক প্ৰযুক্তিৰ ছত্ৰছায়াঁত শক্তিশালী মানৱ সমাজ পুৰণি ঐতিহ্য, পৰম্পৰা, পুৰণি শাস্ত্ৰৰ উপমা, উপদেশ পৰিত্যাগ কৰি আধুনিকতাৰ লহৰত উটি-ভাহি যাবলৈ আৰম্ভ কৰিছোঁ। অতীত গ্ৰন্থৰাজি, পৰম্পৰা, মহান ব্যক্তি জীৱনাদৰ্শৰ মূল্যবোধক উপলুঙা কৰি নিজকে আধুনিকতাৰে সজ্জিত জীৱন যাত্ৰাৰ প্ৰতিযোগিতাত নামি পৰিছোঁহক আমাৰ অতীত মহাকাব্য ধৰ্মীয় উপদেশমূলক গ্ৰন্থ, অতীত সংস্কৃতি ৰীতি-নীতিৰ বিজ্ঞান সন্মত বিশ্লেষণ, উপকাৰীতা আদি সৰ্ম্পকে নজনাকৈয়ে সেইবোৰ বৰ্তমান জীৱন যাত্ৰাত অ প্ৰলিত বুলি বহুসময়ত গণ্য কৰো।
উদাহৰণ স্বৰূপে ভাগৱত শাস্ত্ৰত বৰ্ণিত দেহতত্ব, ৰামায়ণত বৰ্ণিত ৰামৰ পিতৃ-ভক্তি, হনুমানৰ ৰামভক্তি, লক্ষ্মন ভৰতৰ ভাতৃ-ভক্তি, ৰাৱণৰ ধৰ্মনীতি, ব্ৰত পালন, দেশ মাতৃ, তথা জাতিৰ প্ৰতি থকা প্ৰেম, বিভিষণৰ মনোভাৰ আমি আমাৰ ভৱিষ্যত প্ৰজন্মই বুজি পোৱাৰ প্ৰয়োজন আছে। এই পুৰণি মহান গ্ৰন্থসমূহ আমাৰ মাজত জ্যেষ্ঠ অৱসৰী শ্ৰেণীলোকেহে অধ্যয়ন কৰা দেখা যায়। আমি সমাজ পাতি কিশোৰ বা যৌৱন কালত বিতং অধ্যয়ন কৰিব নোৱাৰো বা তেনে কৰা প্ৰয়োজন নাই। সেই বয়সত তেনে কৰা সময় নাথাকে। সেয়েহে আমাৰ অভিভাৱক সকলে যিমান পাৰে এই গ্ৰন্থবোৰত বৰ্ণিত শ্ৰুতিমধুৰ কাহিনীবোৰ সাধুকথাৰ আকাৰে কিছু কথা মাজে সময়ে শ্ৰৱণ কৰাব লাগে। বৰ্তমান আমাৰ সমাজত ককা-আইতা সকলে বা পিতৃ মাতৃয়ে সন্তান সকলৰ সতে এই কাৰ্যত সময় জোৰাব নোৱাৰাবাবে সাধুকথা শুনা বয়স চেৰাই যায় আৰু যৌৱন কালত সন্তান সকলে উচ্চ শিক্ষাৰ বাবে পিতৃ-মাতৃ, আইতা-ককাহতঁৰ পৰা আতৰি যায় আৰু আৰু নিজৰ পাঠ্য-ক্ৰমৰ মাজত সোমাই পৰি সেইবোৰ পৌৰাণিক নৈতিক নীতি কথাৰ উদাহৰণৰ পৰা আপোনা-আপুনি বঞ্চিত হৈ পৰে। ‘তুলসী তলে মৃগ বহু চৰে,
তাকে দেখি ৰামচন্দ্ৰই ধনুশৰ ধৰে।।’ এনেবোৰ লোক কথা আজি বিলুপ্ত হোৱাৰ উপক্ৰম হৈছে। পুৰণিকালত জোনৰ সৰ্ম্পকে তুলনা কৰা অভিজ্ঞতা, আমাৰ নৱ-প্ৰজন্মৰ মাজত লোকবিশ্বাসৰ পৌৰাণিক ধাৰণাৰ কাহিনী অনুধাৱণৰ সুযোগ নাথাকে। বৰ্তমানৰ জোনপৃথিৱীৰ উপগ্ৰহ সেইটোহে মনত ৰাখে বা বুজি পায় কিন্তু অতীত মানৱ সমাজে ইয়াক কেনেদৰে বুজিছিল সেইকথা নাজানে।
তদুপৰি দুখন মহাকাব্য কীৰ্ত্তন, দশম নামঘোষা, ৰত্নাৱলী নামবোৰ ৰচক সকলৰ সৈতে আমাৰ আজিৰ প্ৰজন্মৰ আধা সংখ্যক কিশোৰ-কিশোৰী, যুৱক-যুৱতীয়ে নাজানে এইবোৰ কেনেধৰণৰ সাহিত্য। কীৰ্ত্তনৰ মনোৰম উপাখ্যান ঘোষাৰ পদবোৰত বহু সাহিত্য সঞ্চিত হৈ আছে। এই গ্ৰন্থ সমূহ অসমৰ লগতে ভাৰততো Best Seller হিচাপে স্বীকৃত কিন্তু আমি বহুতে এই পুথিসমূহ চিনি নাপাওঁ। অভিভাৱক হিচাপে নতুন প্ৰজন্মক এইবোৰৰ ধাৰণা আমি দিয়াতো উচিত পুৰণি লোক কথা, লোক কাহিনী, লোকগীত, লোক উৎসৱ, ডাকৰ-বচন, জতুৱা ঠাচ এইবোৰ বহু উপদেশ নৈতিক জ্ঞানৰ ভাণ্ডাৰ স্বৰূপ, জীৱনত গঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ মানসিকতা এইবোৰৰ পৰা আমি পাব পাৰো আৰু সেইখিনি সময় উলিয়াই আমি পৰিয়ালৰ লোকসকলে কথা বতৰাৰ মাজেৰে আমাৰ সন্তান সকলক শিকালে নিশ্চয় উপকাৰত আহিব আৰু আপোনা-আপুনি নৈতিক জ্ঞান বৃদ্ধিৰ সোপান বুলি আশা কৰাৰ স্থল আছে।
আহিনে কাতিয়ে মাৰিবা বন।ডেকা কালত ঘটিবা ধন।।ভালে পায় ভাল জাৱৰে পায় খাল।মৰে উৰুলি পুঙা মৰে পদূলি শুঙামৰে অলপ পানীৰ মাছমৰে নদীকুলৰ গাছ।।ৰ’দ পালে ছাঁ লয় ছাঁ পালে শুব,খেতি পথাৰৰ দিন গলে দুডৰা মান ৰুব।।ষোল্ল চাষে মূলা তাৰ আধা তুলা,তাৰ আধা ধান বিনা চাষে পাণ।এশ এজোপা ৰুৱা কলমাহেকে পষেকে চিকুণাবা তল।পাত, পচলা লাভতে খাবালঙ্কাৰ বনিজ ঘৰতে পাবা।।
এনে বচনবোৰৰ উপকাৰিতা আমাৰ দৈনন্দিন জীৱনত কিমান লগতিয়াল উপদেশ মূলক হয়, যিবোৰ আমাৰ কৰ্মৰাজিক সদা শুদ্ধভাৱে নিয়ন্ত্ৰণ কৰাত অৰিহনা নিশ্চয়কৈ যোগাব। আমাক বৈষ্ণৱ ধৰ্মৰ নীতি অনুসৰি উল্লেখিত ন- বিধ ভক্তি ক্ৰমে- শ্ৰৱণ, কীৰ্ত্তন, অৰ্চন, বন্দন, স্মৰণ, দাস্য, সখীত্ব, পদসেৱন আৰু দেহ অৰ্পণ। এই ভক্তিৰ নীতি সমূহ আমি আমাৰ জীৱন চক্ৰৰ বিষয়সমূহৰ সতে বৰ্তমানৰ বৈজ্ঞানিক মনঃতাত্বিক গৱেষণা ও বিশ্লেষণাত্মক শিকন শিক্ষণ পদ্ধতিত তাকেই অৱলম্বন হিচাপে গ্ৰহণ কৰা হৈছে। প্ৰথম আৰু প্ৰধান ভক্তি হৈছে শ্ৰৱণ, কীৰ্ত্তন, কথন, লিখন, Listening, Speaking, Reading and Writing ইত্যাদি। আমি গৰ্ভাৱস্থাৰ পৰাই শ্ৰৱণ ভক্তি কৰো তাৰ পাছতহে কথন, পঠন, স্মৰণ, লিখন হয়। শ্ৰৱণৰ পৰাই নতুন সৃষ্টি আৰম্ভ হয়। তদুপৰি দাহ্য, সখীত্ব, পদসেৱন আৰু বিষয়বস্তুৰ স’তে দাৰ্শনিক মহা পণ্ডিত আৱিষ্কাৰক সকলে নিজৰ দেহ মন অৰ্পন কৰি উদ্গতিৰে সফলতা অৰ্জন কৰে। গুৰুপ্ৰিয়ভাজন শিষ্যসকল যেনে- উপমন্যু, অজুন একলৱ্য, কৰ্ণ আদি মহাবীৰ সকলে নিজৰ বিদ্যা অজৰ্নৰ বাবে কায় বাক্য মন অৰ্পন কৰি জগতত কাললৈ খ্যাতি ৰাখিছে। এনে উপমাবোৰৰ সূদুৰ অতীজৰ পৰাই শিক্ষাজগতৰ চিন্তা-চৰ্চা, গৱেষণা বৰ্তমানলৈও চালি আছে। আমিও গুৰু হিচাপে নিশ্চয় এই তাত্বিক বিষয়বোৰ বিশ্লেষণ কৰিলে নিশ্চয় উপকাৰত আহিব।
