মিণ্টু দাস, ধেমাজি

ড০ এ পি জে আব্দুল কালামে কৈছিল, “If you want to shine like a sun, first burn like a sun.” অৰ্থাৎ তুমি যদি সূৰ্যৰ দৰে জিলিকিব খোজা তেতিয়াহ’লে তুমি প্ৰথমে সূৰ্যৰ দৰে জ্বলিব পাৰিব লাগিব। এই ধ্ৰুৱসত্য কথাটো ছাত্ৰ জীৱনৰ লগতো এশ শতাংশই খাটে। আমি সৰুৰেপৰা জানি আহিছো যে ‘ছাত্রনং অধ্যয়নং তপঃ’। অৰ্থাৎ ছাত্ৰ জীৱনত অধ্যয়নেই হৈছে তপস্যা। এই তপস্যাই এজন ছাত্ৰক দেশৰ তথা সমাজৰ সম্পদ হিচাপে গঢ়ি তুলিব পাৰে। প্ৰচুৰ সাধনা, অধ্যৱসায় আৰু অধ্যয়নৰ ফলত এজন ছাত্ৰই সমাজৰ অভূতপূৰ্ব পৰিৱৰ্তন সাধন কৰিব পাৰে তাৰ অলেখ উদাহৰণ আমাৰ সমাজত আছে।
ভাৰতৰ মিছাইল মেন হিচাপে পৰিচিত বিজ্ঞানী, শিক্ষাবিদ তথা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ জন্ম জয়ন্তী উপলক্ষে তেখেতৰ কৰ্মৰাজি তথা আদৰ্শক সন্মান জনাই সমগ্ৰ বিশ্বই প্ৰতি বছৰে ১৫ অক্টোবৰত বিশ্ব ছাত্ৰ দিৱস পালন কৰে। ৰাষ্ট্ৰসংঘই ঘোষণা কৰা এই বিশ্ব ছাত্ৰ দিৱসটিৰ লগত সংগতি ৰাখি আব্দুল কালামৰ জীৱনী বা অন্যান্য কৃতকাৰ্যতাৰ সম্পৰ্কে আমি ইয়াত আলোচনা নকৰি তেখেতৰ দাৰ্শনিক চিন্তা আৰু বৰ্তমান ছাত্ৰ সমাজত ইয়াৰ প্ৰভাৱ সম্পৰ্কেহে আলোচনা কৰিম।
এজন বিশাল ব্যক্তিত্বৰ অধিকাৰী আছিল ড০ এ পি জে আব্দুল কালাম। তেখেতৰ অগ্নিৰ ডেউকা শীৰ্ষক গ্ৰন্থত তেখেতৰ নিজৰ জীৱন দৰ্শন আৰু কৰ্ম প্ৰেৰণাৰ কথা বিস্তৃত ৰূপত লিখি থৈ গৈছে। বহু প্ৰত্যাহ্বান, কঠিন পৰিস্থিতিকো নেওচি তেওঁ পৃথিৱীৰ অন্যতম বিজ্ঞানীসকলৰ ভিতৰত এজন হ’বলৈ তেওঁ কৰা কষ্টখিনিৰ জৰিয়তে আমি আজিৰ প্ৰজন্মই, আজিৰ ছাত্ৰ সমাজে শিকিবলগীয়া, জানিবলগীয়া আৰু অনুসৰণ কৰিবলগীয়া অলেখ দিশ আছে।
আজিৰ বিশ্বায়নৰ যুগত ছাত্ৰ সমাজৰ বাবে শিক্ষা আহৰণ কৰিবলৈ তেনেই সহজ। সকলো ধৰণৰ সা-সুবিধাৰ লগতে তথ্য-পাতি আৰু কিতাপ-পত্ৰ অনেক অতি সহজতে বিচাৰি পঢ়িব পাৰি। বৰ্তমানে বহুতো মাধ্যম আৱিৰ্ভাৱ হ’ল আৰু এই মাধ্যমসমূহৰ জৰিয়তে ছাত্ৰসকলে নিজৰ নিজৰ প্ৰয়োজনীয় জ্ঞান আহৰণ কৰিব পাৰে। ইণ্টাৰনেট, ইউটিউব, ৱেবচাইট আদিকে ধৰি অন্যান্য অভিজ্ঞ শিক্ষকৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিও ছাত্ৰ-ছাত্ৰীয়ে জ্ঞান আহৰণ কৰিব পাৰে। কিন্তু ইমানবোৰ সা-সুবিধা সহজতে পাব পৰাকৈ থকাৰ পিছতো আজিৰ অধিকাংশ ছাত্ৰই এনেধৰণৰ জ্ঞান আহৰণৰ উৎসৰ সঠিক প্ৰয়োগ কৰিছে নে নাই সেয়া নিশ্চিতভাৱে এক ডাঙৰ প্ৰশ্ন।
ছাত্ৰ সমাজৰ উত্তৰণ আৰু কৃতকাৰ্যতাত মহান ব্যক্তিসকলৰ উল্লেখনীয় আদৰ্শ আৰু দৰ্শনৰ প্ৰভাৱ পৰে। নিজৰ চিন্তা আৰু দৰ্শনক সু-সংগববদ্ধ আৰু সু-সংযত কৰিবলৈ আৰু সমাজত তেনে চিন্তাৰ ইতিবাচক প্ৰভাৱ পেলাবলৈ ছাত্ৰ-ছাত্ৰীয়ে নিজেই নিজৰ ওচৰত দায়িত্বশীল, দায়বদ্ধ আৰু সচেতন হ’ব লাগিব।
ছাত্ৰকালত অধ্যয়নৰ বিকল্প যে নাই আৰু সঠিক আৰু সাৱলীলভাৱে যে অধ্যয়ন অপৰিহাৰ্য সেইয়া ছাত্ৰ-ছাত্ৰীসকলে উপলব্ধি কৰাটো বাঞ্ছনীয়। যিহেতু আজিৰ দৰে অত্যাধুনিক সা-সুবিধা আৰু চাৰিওফালৰ পৰা অজস্ৰ কোলাহলৰ মাজতো নিজক শান্ত কৰি, নিজৰ মনক শান্ত কৰি নিজৰ অধ্যয়ন অব্যাহত ৰাখিব লাগিব কিয়নো অধ্যয়নৰ সময় আৰু বয়স গৰকাৰ পিছত, ছাত্ৰ জীৱন অন্তত পৰাৰ পিছত পঢ়াৰ মন আৰু সময় একেবাৰে কমকৈ থাকে। সেই দিশলৈও লক্ষ্য কৰিব লাগিব ছাত্ৰ সমাজে। অধ্যয়নৰ কালছোৱাতে নিজকে যোগ্য কৰি গঢ়ি তুলি ল’ব নোৱাৰিলে পিছলৈ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আদি ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰিব পাৰে।
২০১৫ চনৰ ১৪ মে’ত মৃত্যুবৰণ কৰা আমেৰিকাৰ বিখ্যাত গীটাৰিষ্ট, সংগীতশিল্পী তথা গীতিকাৰ বি বি কিং এ (যাৰ প্ৰকৃত নাম Riley B King) কৈছিল ছাত্ৰ আৰু শিক্ষা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। তেখেতে কৈছিল, ‘The beautiful thing about learning is that no one can take it away from you.’। অৰ্থাৎ শিকণ প্ৰক্ৰিয়াটো এনে এক সুন্দৰ বিষয় যে তাক কোনেও তোমাৰপৰা আঁতৰাই নিব নোৱাৰে। এই কথা নিশ্চিতভাৱে সত্য যে, শিক্ষা এবাৰ লাভ কৰা পিছত কোনেও তাক মচিব নোৱাৰে। আমৃত্যু পৰ্যন্ত এই জ্ঞান মানুহৰ মগজুত থাকি যায়। এই জ্ঞান আৰু দীক্ষাক নিজৰ নিজৰ জীৱনত প্ৰয়োগ কৰি শত-সহস্ৰ লোক প্ৰতিষ্ঠা লাভ কৰিলে আৰু নিজৰ ভৰিত থিয় হৈ সমাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ’ল। শিক্ষাগ্ৰহণৰ বাবে খৰছ কৰা সময়, অৰ্থ আৰু কষ্টখিনিক ভাৰতৰ এজন বিখ্যাত অভিনেতা অমিতাভ বচনে বিনিয়োগৰ লগত ৰিজনি দি কৈছে যে এইবোৰ এক প্ৰকাৰৰ বিনিয়োগ যিয়ে ভৱিষ্যতে নিশ্চিত ৰূপত সামাজিক প্ৰতিষ্ঠা, অৰ্থনৈতিক স্বাৱলম্বিতা, আৰু সুন্দৰ বিনোদনৰ সময় উপহাৰ দিব।
ছাত্ৰ জীৱনৰ এই সুন্দৰ সময়খিনি সৎ ব্যৱহাৰ কৰি যদি জীৱনটো সুন্দৰ কৰিব পাৰে প্ৰতিজন ছাত্ৰই তেতিয়াহ’লে পৰৱৰ্তী সময়ত হিংসা, বিদ্বেষ, উশৃংখল আঁতৰি এখন সুন্দৰ সুস্থ সমাজ গঢ় লৈ উঠিব য’ত মানুহ হৈ পৰিব মানুহৰ বাবে ঈশ্বৰ আৰু মানৱতা হৈ পৰিব সমাজৰ ধৰ্ম।
———— —– ————- —————
ঠিকনা ঃ বোকাবিল, জামুগুৰি পাঁচআলি,
ধেমাজি (অসম) -৭৮৭০৫৭
ফোন : ৯৮৬৪০-৫৫৫৪০
ই-মেইল : das.mintu34@gmail.com