লক্ষীপ্ৰভা কাটনী
বিষয় শিক্ষয়িত্ৰী, শ্ৰীপাণি উচ্চতৰ মাধ্যমিক বিদ্যালয়।
“ভোকৰ ভাত পিঁয়াহৰ পানী
ভোকাতুৰ তৃষ্ণা তুৰক দিবা আনি।”
গাঁৱৰ এজনী পাগলী ওলাইছে। মাক দেউতাক বোৰে ল’ৰা ছোৱালী বোৰক সকিয়াইছে অকলে বাটলৈ নাযাবলৈ। অঘাইটং কেইটাই সুবিধা পালে শিলগুটি দলিয়াই বুঢ়ীক ভয় খুৱাইছে। নীলা বাইদউে স্কুলৰ পৰা আহোঁতে ঘৰৰ ওচৰৰে আম জোপাৰ তলত বুঢ়ীক দেখি আহিছে। বুঢ়ীয়ে কথা পাতি আছে বোলে “ৰাতি নুশুলেই সাজপানী বনাবলৈ গোটেই ৰাতি ঢেকি দি চাউল ওলিয়ালে এতিয়া বোলে ভোক আৰু টোপনি ধৰিছে” এনেদৰে বিভিন্ন কথা কৈ কৈ বুঢ়ীয়ে হাঁহিছে কান্দিছে।
নীলা বাইদেউ খৰধৰকৈ ঘৰলৈ আহি আগলতি কলপাত এখনত ধুনীয়া কৈ ভাত, দালি, ভাজি, মাছ, আচাৰ, নেমু, জলকীয়া এটা, পিয়াঁজ এটুকুৰা দি বুঢ়ীক ভাত খাবলৈ মাতবি গ’ল। বাইদেউ এ আমাৰ ঘৰত ভাত কেইটামান খাবা আহা বুলি মাতিবলৈ হে পালে। বুঢ়ীজনীয়ে নানা কথাৰে গালি পাৰিব ধৰিলে। উপাই নাই বাইদেউ ঘৰলৈ পুনৰ উভতি গ’লগৈ এটা পানীবটল আৰু সজাইলোৱা ভাত খিনি লৈ গছজোপাৰ তলতে বুঢ়ীক খাবলৈ দিলেহি। সন্মুখত ভাত দেখি বুঢ়ীয়ে অকনো নৰৈ একান্ত মনে মুখত হাঁহি বিৰিঙাই খাৱলৈ ললে। বাইদেউ অলপ ৰৈ বুঢ়ীৰ ভাত খোৱা নিৰীক্ষণ কৰিছিল। কিন্তু বুঢ়ীয়ে লেতেৰা কথাৰে গালি পৰাত ঘৰলৈ উভতি আহিল।
অলপ পাছত পুনৰ গছতল পাই দেখিলে এটাও ভাত নষ্ট নকৰাকৈ ভাত কেইটা খাই বুঢ়ী ক’ৰবালৈ গ’লগৈ। কোনফালে গ’ল কোনেও নেদেখিলে। বুঢ়ীগৰকী যে ইমান ভোকত আছিল আৰু তৃপ্তিৰে ভোক গুচাই ভাত কেইটা খালে এই কথা অনুভৱ কৰি নীলা বাইদেউ এ মনত প্ৰশান্তি লাভ কৰিলে।