আজি শিশু কালিলৈ দেশৰ ভৱিষ্যৎ নাগৰিক। এখন সুস্হ -সবল মানৱীয় গুণসম্পন্ন সমাজ নিৰ্মাণৰ বাবে মূল্যবোধৰ সৃষ্টি আৰু বিকাশৰ গুৰুত্ব অপৰিসীম। মূল্যবোধৰ জৰিয়তেহে মানুহে প্ৰকৃত জীৱন- নিৰ্বাহৰ পদ্ধতি সম্পর্কে জ্ঞান আহৰণ কৰিব পাৰে। মূল্যবোধে মানুহৰ সামাজিক জীৱন পৰিচালনা কৰে। মানুহে জন্ম লাভ কৰিয়েই সামাজিক ধাৰণাসমূহ আয়ত্ব কৰিব নোৱাৰে। ই ক্ৰমান্বয়ে সমাজৰ সংস্পর্শলৈ অহাৰ পিছতহে পৰিয়াল পৰিবেশৰ পৰা লাভ কৰা শিক্ষাৰ দ্বাৰা প্ৰভাম্বিত হৈ সামাজিক নীতি-নিয়ম সমূহ আয়ত্ত কৰে। গতিকে তাৰ বাবে পৰিয়ালৰ প্ৰত্যেক জন সদস্যৰ উচ্চ ভাৱ ধাৰাৰ লগতে আদৰ্শাত্মক মনোভাবৰ হোৱাটো অতি প্ৰয়োজনীয়।
শিশুৰ মূল্যবোধ শিক্ষাৰ সম্পর্কে আলোচনা কৰা আগতে মূল্যবোধৰ সম্পর্কে এটি থুলমূল আলোচনা কৰিব লাগিব।
যিবোৰ নীতি আৰু আদৰ্শই এখন সমাজক সুস্থ, সজ, নিকা আৰু মানৱীয় বোধসম্পন্ন কৰি গঢ়ি তুলিব পাৰে থুলমূলকৈ সেয়াই হৈছে মূল্যবোধ। মূল্যবোধৰ ধাৰণা মানুহৰ কৰ্ম আৰু চিন্তাৰ লগত গভীৰভাৱে জড়িত হৈ আছে। বহল অৰ্থত চাবলৈ গলে মূল্য শব্দই কোনো বস্তু বা অৱস্হা বা কাৰ্য্যক বুজায় যিয়ে ব্যক্তিৰ প্ৰয়োজন বা ইচ্ছা পূৰণ কৰে। গতিকে মূল্য শব্দই সেইবোৰ বস্তুকে বুজায় যিবোৰ মানুহৰ প্ৰয়োজন হয়। সকলো বস্তু সকলো মানুহৰ বাবে প্ৰয়োজনীয় নহ’বও পাৰে । ব্যক্তিভেদে আকাংক্ষিত বস্তুৰ মূল্য বেলেগ বেলেগ অৰ্থাৎ ব্যক্তি ভেদে মূল্যবান বস্তুৰ প্ৰকাৰ বেলেগ বেলেগ। কাৰোবাৰ বাবে অপ্ৰয়োজনীয় বস্তু এটাও কাৰোবাৰ বাবে মূল্যবান হ’ব পাৰে। গতিকে মানুহৰ প্ৰয়োজন পূৰণৰ ধাৰণাৰে মূল্যবোধক বিচাৰ কৰিব নোৱাৰি।আনৰ অপকাৰ নাইবা সামাজিক জীৱনত অনিষ্ট সাধন কৰা কোনো বস্তু বা কাৰ্যৰে কোনো ধৰণৰ মূল্য থাকিব নোৱাৰে কাৰণ মূল্যবোধৰ ধাৰণাটো সামাজিক দৃষ্টি কোণৰ পৰাহে বিচাৰ কৰা হয়।
এটি শিশুৰ মূল্যবোধৰ শিক্ষাৰ আৰম্ভণি হয় ঘৰখনতেই। “ঘৰখনেই হৈছে শিশুৰ শিক্ষাৰ কঠিয়াতলি”। এগৰাকী সফল মাতৃ এশজন শিক্ষকতকৈ ও শ্ৰেষ্ঠ। সেয়েহে ফ্ৰান্সৰ সম্ৰাট নেপোলিয়ন বোনাপাৰ্টে এষাৰ বৰ সাৰুৱা কথাকে কৈছিল – “মোক এশ গৰাকী ভাল মাতৃ দিয়া ;মই এটা ভাল জাতি দিম”।গতিকে একোটি ভাল সন্তান গঢ় দিয়াত মাতৃ গৰাকীৰ কিমান দায়বদ্ধতা থাকিব পাৰে? এগৰাকী আধ্যাত্মিক জ্ঞান সম্পন্ন সংস্কাৰী মাতৃৰ দ্বাৰাহে একোটি সু -সন্তানৰ আশা কৰিব পাৰি। আজিৰ সমাজত কু -প্ৰকৃতিৰ লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ কিছুমান কাৰণো নথকা নহয়। এজনী ছোৱালী মাতৃহোৱা আগতে আনুষ্ঠানিক তথা অন্যান্য শিক্ষাৰ লগতে আধ্যাত্মিক জ্ঞান সম্পন্ন হোৱাটো বাঞ্ছনীয়। কিয়নো সন্তান গৰ্ভত থকা অৱস্হাতেই শাৰীৰিক গঠন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে মানসিক গঠন প্ৰক্ৰিয়াও আৰম্ভ হয় । গতিকে এটি সু -সন্তান লাভ কৰিবলৈ হ’লে সুষম আহাৰৰ লগতে সু-চিন্তা ভাৱনা একান্তই প্ৰয়োজনীয়। এই সম্পর্কে ঋক্ বেদত বৰ্ণিত এটা কাহিনী উল্লেখ কৰিব পাৰি। “প্ৰজাপতি দক্ষৰাজৰ দিতি আৰু অদিতি নামৰ দুগৰাকী কন্যা ঋষি কাশ্যপৰ লগত বিবাহ হৈছিল। একেজন ঋষিৰ ঔৰসজাত সন্তান দিতিৰ গৰ্ভত দানৱ(অসুৰ) সকল আৰু অদিতিৰ গৰ্ভত জন্ম হয় দেৱতা সকল। ইয়াৰ কাৰণ হৈছে – দিতি আছিল এগৰাকী কু-প্ৰকৃতি, নীতি-নিয়ম নমনা, আনৰ অহিত চিন্তাকাৰী , বদগুণ বিশিষ্টতা তিৰোতা। অসময়ত অৰ্থাৎ সন্ধ্যা সময়ত গৰ্ভ ধাৰণ কৰাৰ বাবে তেওঁৰ গৰ্ভৰ পৰা দৈত্য (অসুৰ) সকলৰ জন্ম হয়। আনহাতে অদিতি আছিল এগৰাকী সদ্ গুণেৰে বিভূষিতা
ভক্তি পৰায়না মহিলা। মাতা পাৰ্বতীৰ আশীর্বাদত তেওঁৰ গৰ্ভত দেৱতা সকলৰ জন্ম হয়। সেইদৰে অসুৰৰ পত্নী হ’লেও হৰিভক্তা মাতৃ কয়াধুৰ গৰ্ভাৱস্হাত ঋষিৰ আশ্ৰমৰ আধ্যাত্মিক তথা শান্ত পৰিবেশত থাকি সুস্থ মানসিকতাৰে গঢ় লৈ উঠা বাবে দৈত্য পতি হিৰণ্যকশিপুৰৰ পুত্ৰ প্ৰহ্লাদ একান্ত হৰি ভক্ত ৰূপে জন্ম লাভ কৰি দৈত্যকুল উদ্ধাৰ কৰিছিল।সেই দৰে ৰজা উত্তানপাদৰ পত্নী সুনীতিৰ সৎ-চিন্তা, আৰু সু-পৰামৰ্শৰ বাবেই ধ্ৰুবই দেৱলোকত স্থান পাবলৈ সক্ষম হৈছিল। এই দৰে মাতৃ সকলৰ চিন্তা-ভাৱনা, স্বভাব -চৰিত্ৰৰ আদিৰ পৰাই যে সন্তান সকলৰ স্বভাৱ-চৰিত্ৰ গঢ়লৈ উঠে বেদ,পুৰাণ আদি গ্ৰন্থ সমূহত এনে বহুতো কাহিনী পোৱা যায়। গৰ্ভাৱস্হাত থাকোতে মাতৃয়ে খোৱা সু-খাদ্যৰ দ্বাৰা যেনেদৰে শিশুটিৰ সু-স্বাস্হ্য গঠিত হয় ঠিক তেনেদৰে মাতৃ গৰাকীৰ সু-চিন্তা, সজ-আচৰণৰ দ্বাৰা সন্তানটিৰো সুস্থ মানসিকতা গঢ় লৈ উঠে। সেয়েহে সু-সন্তান লাভ কৰিবলৈ সন্তান গৰ্ভধাৰণ কৰাৰ আগতে মাতৃ গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে মানসিক ভাবেও প্ৰস্তুত হৈ লোৱাটো বাঞ্ছনীয়।
মহাভাৰতৰ কাহিনীত উল্লেখ আছে যে -অৰ্জুন-সুভদ্ৰাৰ পুত্ৰ অভিমন্যুয়ে মাকৰ গৰ্ভত থাকোতেই চক্ৰবেহুৰ ভিতৰত কেনেকৈ প্ৰবেশ কৰিব লাগে এই কথা পিতৃৰ মুখৰ পৰা শুনি আছিল আৰু কেনেকৈ ওলাব লাগে এই কথাখিনি কৈ থাকোতে মাক সুভদ্ৰা টোপনি যোৱাত গৰ্ভত থকা অভিমন্যু টোপনি গৈছিল।গতিকে বেহুৰ পৰা ওলোৱা কথাখিনি শুনিবলৈ নাপালে। সেই বাবেই মহাবীৰ অভিমন্যুয়ে কুৰুক্ষেত্ৰ ৰণত চক্ৰ বেহুৰ ভিতৰতে কৌৰৱৰ হাতত মৃত্যু বৰণ কৰিব লগা হৈছিল।বৰ্তমান সময়তো এনে ধৰণৰ প্ৰবাদ সমূহ নুই কৰিব নোৱাৰি।বৰ্তমানে ও বয়সস্হ সকলে গৰ্ভাৱতী মহিলাক বেয়া দৃশ্য না চাবলৈ, বেয়া কথাবোৰত কাণ না পাতিবলৈ, কোনো জীৱ -জন্তু না মাৰিবলৈ সকীয়াই থাকে। ইয়াৰ নিশ্চয়ই কোনো গুৰুতৰ কাৰণ নথকা নহয়।
গৰ্ভাৱস্হাত থাকোতে মাক গৰাকীয়ে খোৱা খাদ্যহে সন্তানটিয়ে গ্ৰহণ কৰিব পাৰে। অত্যধিক টেঙা -জ্বলা খাদ্য গ্ৰহণ কৰিলে গৰ্ভৰ সন্তানে বৰ কষ্ট পায় আৰু ৰুগীয়া হয় বুলি ধৰ্ম শাস্ত্ৰ মহাভাগৱতত উল্লেখ আছে।গতিকে সুষম আহাৰ হে গ্ৰহণ কৰিব লাগে। তেনেদৰে মানসিক ভাবেও সুস্হ আৰু প্ৰফুল্ল মনেৰে আধ্যাত্মিক চিন্তা চৰ্চা দ্বাৰা সৎ ভাৱনা আৰু সজ-চিন্তা আৰু সুস্থ এটা পৰিবেশ গৰ্ভাৱতী মহিলাৰ বাবে অতি প্ৰয়োজনীয়। সেয়েহে সন্তান গৰ্ভত স্থিতি লোৱাৰে পৰা পুষ্টিকৰ খাদ্যৰ গ্ৰহণৰ লগতে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে সন্তানটিৰও স্বাস্থ্যৰ বুজ ল’ব লাগে। প্ৰতিষেধক টিকা আদি লৈ নিজৰ স্বাস্থ্যৰ লগতে সন্তানটিকো সুৰক্ষিত কৰিব লাগে। জন্মৰ পিছতো খাদ্যৰ লগতে সময়মতে প্ৰতিটো প্ৰতিষেধক টিকা প্ৰদান কৰি শিশুটিক সুস্হ কৰি ৰখা দায়িত্ব ও মাতৃ গৰাকীৰ ওপৰতে বেছিকৈ পৰে। গতিকে মাতৃ গৰাকী মমতাময়ী হোৱা লগতে দায়িত্বশীল, সজ, সুদক্ষা আৰু নিষ্ঠাবান হোৱাটো বাঞ্ছনীয়।
এটি শিশু কেৱল শাৰীৰিক ভাবে সুুস্হ -সবল হলেই নহ’ব। জন্মৰ পৰা স্পষ্টভাবে মাত – কথা ক’ব পৰা হোৱালৈকে মাকৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যই কিছুমান সাৱধানতা অৱলম্বন কৰিব লগা হয়। শিশুটিৰ ওচৰত কেতিয়াও ডাঙৰ ডাঙৰ কৈ শব্দ কৰি কথা ক’ব নালাগে। মাত-কথা ফুটাৰ সময়ত শিশুটিৰ আগত শব্দৰ অশুদ্ধ উচ্চাৰণ কৰিব নালাগে। শিশুসকল বৰ অনুকৰণ প্ৰিয়। পৰিয়ালৰ আন আন সদস্য সকলৰ আচাৰ -আচৰণ অনুযায়ী শিশুটিয়ে নিজকে গঢ় দিয়ে। সেয়েহে শিশুটিৰ সন্মুখত যিকোনো কাম কৰোঁতে সদায় সাবধানতা অৱলম্বন কৰিব লাগে। সজ আচৰণ, সজ কথা- বতৰা , ভাল ব্যৱহাৰ আদিহে শিশুৰ আগত উপস্থাপন কৰিব লাগে। পৰিয়ালৰ সকলোৱে সদায় বন্ধুত্বপূৰ্ণ আৰু শৃংখলাবদ্ধ ভাবে এটা শান্ত-সুস্হ পৰিবেশ বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। তেতিয়াহে শিশুটিৰ সুস্থ- সবল মানসিকতা গঢ় লৈ উঠিব। পৰিয়ালৰ প্ৰতিজন সদস্যই যেনে ধৰণৰ কাম -কাজ কৰে ;প্ৰতিটো কামৰ প্ৰভাৱ শিশুটিৰ ওপৰত পৰে। সেয়েহে জেষ্ঠ সকলে কথা কওঁতে আৰু কাম কৰোঁতে একে হ’ব লাগে।কাৰণ অগ্ৰজ সকলে যেনেধৰণে কয় বা কৰে শিশুৰ সকলেও তেনেদৰে ক’বলৈ বা কৰিবলৈ বিচাৰে। শিশুসকলক সদায় প্ৰাৰ্থনা কৰিবলৈ অভ্যাস কৰাব লাগে। প্ৰাৰ্থনাই মন শান্ত আৰু শক্তিশালী কৰি তোলে। অগ্ৰজ সকলৰ আধ্যাত্মিকতা, নৈতিকতাবোধ তথা প্ৰমূল্যবোধ আচৰণ প্ৰণালীৰ প্ৰভাৱত শিশু সদায় সু-চৰিত্ৰবান আৰু সু-আদৰ্শবান হয়।
পূৰ্ণিমা ফুকন
সহঃশিক্ষয়িত্ৰী
মৰিধল উচ্চ মাধ্যমিক বিদ্যালয়
