(১)
জীৱন মানে সংগ্রাম। এই সংগ্রামত বীৰদর্পে যুঁজি জয়ী হ’ব পৰাটোহে জীৱনৰ সাৰ্থকতা। এই সার্থকতাৰ আঁৰত আদর্শ বিৰাজমান। এক বর্ণিল আদর্শময় জীৱনৰ অধিকাৰী আমেৰিকা যুক্তৰাষ্ট্রৰ বিশ্ববিখ্যাত লেখক দার্শনিক উইল ডুৰান্টলৈ (১৮৮৫-১৯৮১) এটা সময়ত বহুতো লোকৰ পৰা চিঠি আহিছিল। চিঠিবোৰৰ বিষয়বস্তু আছিল এটাই, জীৱন মানে কি? আমি কিয় জীয়াই আছোঁ। আত্মহত্যা ইত্যাদি। এই বহুচর্চিত বিষয়সমূহৰ চিঠি উইল ডুৰাণ্টলৈ অহাৰ প্রধান কাৰণ আছিল ১৯০৫ চনৰ পৰা ১৯৩০ চনলৈ সমগ্র আমেৰিকাত প্রায় ২,৮০,০০০ জনমান মানুহে আত্মহত্যা কৰিছিল। বর্তমান সময়তো আত্মহত্যা কৰা মানুহৰ সংখ্যা দিনক দিনে বাঢ়িব ধৰিছে। শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰা এটা সমীক্ষা মতে বিশ্বত প্রতি সোতৰ মিনিটত এজনকৈ মানুহে আত্মহত্যা কৰে। মানুহৰ সহজাত প্রবৃত্তি হৈছে সুখ-স্বাচ্ছন্দ্যৰ ভৰা জীৱন নির্বাহ কৰাটো। মানুহে আটাইতকৈ বেছি ভয় কৰে মৃত্যুলৈ। কিন্তু কিছু সংখ্যক মানুহে কিয় আত্মহত্যা কৰিব খোজে? এই ঘটনাবোৰে উইল ডুৰাণ্টৰ মনত বহুতো প্রশ্নৰ অৱতাৰণা কৰিলে। জীৱনৰ অৰ্থ কি? মৃত্যুৰ পাছত আমি ক’লৈ যাম? মৃত্যুৰ পাছতো কিবা অৱশেষ বাকী থাকে নেকি? জীৱনত আমি ইমান যান্ত্রণা ভোগ কৰিব লগা হয় কিয়? ইত্যাদি..।
এনেবোৰ প্রশ্নই কেৱল উইল ডুবান্টকে ভাৰাক্রান্তকৰা নাছিল।মানৱ জাতিয়ে ক্রম বিকাশৰ আৰম্ভণিৰ পৰাই এই প্রশ্নবোৰৰ উত্তৰ বিচাৰি হাবাথুৰি খাই ফুৰিছে। এই প্রশ্নবোৰৰ সমিধান দিবলৈকে পৃথিবীত বিভিন্ন ধর্ম আৰু দর্শনৰ উত্থান ঘটিছিল। কিন্তু সকলো মানুহকে সর্বকালৰ কাৰণে সন্তুষ্ট কৰিব পৰা কোনো উত্তৰ আজিলৈকে ওলোৱা নাই বা কোনেও দিব পৰা নাই। যি কি নহওঁক উইল ডুৰান্টে এই প্রশ্নবোৰৰ উপযুক্ত উত্তৰ বিচাৰি বিভিন্ন দেশৰ আৰু বিভিন্ন কর্মক্ষেত্রৰ গুণী-জ্ঞানী ব্যক্তিসকললৈ পত্ৰ প্ৰেৰণ কৰিছিল। এই লোকসকলৰ ভিতৰত আছিল মহামানৱ মহাত্মা গান্ধীৰ পৰা আৰম্ভ কৰি নোবেল বঁটা বিজয়ী বিজ্ঞানী, সাহিত্যিক, দাৰ্শনিক,ক্রীড়াবিদ, সাংবাদিক, সংগীতজ্ঞ আনকি যাৱজ্জীৱন কাৰাণ্ডৰে দণ্ডিত অপৰাধীলৈকে…।
ইয়াৰ বেছি ভাগেই উইল ডুৰাণ্টলৈহে ওলোটাই উত্তৰ বিচাৰি পত্ৰ প্রেৰণ কৰিছিল। চিঠিবোৰ একত্রিত কৰি উইল ডুৰান্টে ১৯৫০ চনত এখন কিতাপ প্রকাশ কৰিছিল “On the Meaning of Life.” এই গ্রন্থখনত উইল ডুৰাণ্টে জীৱনৰ সম্পৰ্কত এনেদৰে কৈছিল আমি জীৱনৰ অর্থ বিচাৰিব লাগিব নিজৰ সহজাত কামনা বাসনাবোৰৰ মাজত আৰু স্বাভাবিকতে হোৱা সেইবোৰৰ সন্তুষ্টিৰ মাজত। জীৱনটোৱেই হ’ল সন্তুষ্টি আৰু অর্থপূর্ণতাৰ পথ। আমি যদি জীৱনত আমাতকৈ ডাঙৰ কিবা এটা সৃষ্টি কৰিব পাৰো বা সেই ডাঙৰটোৰ প্ৰতি আমাৰ ডাঙৰ কিবা অৰিহণা আগবঢ়াব পাৰো তাৰ মাজতেই আমি জীৱনৰ অর্থ বিচাৰি পাম। সেই ডাঙৰটোৱে নিজৰ পৰিয়ালটো ,নিজৰ অঞ্চলটো, নিজৰ জাতিটো হ’ব লাগিব এনেকুৱা কোনো কথা নাই। মহা মানব মহাত্মা উইল ডুৰাণ্টৰ পত্ৰৰ উত্তৰ এনেদৰে দিছিল-
Striving for full realization keeps me going. My consolation and my happiness are to be found in service of all that lives, because the Divine essence is the sum total of all life.
যি কি নহওঁক, উইল ডুৰাণ্টে কেতিয়াও ভবা নাছিল যে এই চিঠিবোৰৰ সমষ্টিয়ে যে এখন বিশ্ব বিখ্যাত কিতাপ হ’ব।
(২)
শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি দেৱৰ ভাষাত মানব সমাজখনক দুটা ভাগত ভাগ কৰিব পাৰি। এভাগ মানুহে কিতাপ পঢ়ে আৰু আনটো ভাগে নপঢ়ে। কিতাপ পঢ়া মানুহে নিজৰ অভিজ্ঞতাৰ পৰাই জানে যে নিঃসংগতাৰ যন্ত্রণা দুৰ কৰিবলৈ আৰু মনৰ অৱসাদ দূৰ কৰিবলৈ কিতাপতকৈ ডাঙৰ মহৌষধ আন একোৱেই নাই। কিতাপ নপঢ়া মানুহবোৰে গ্রন্থৰ এই সঞ্জীৱনী সুধাৰ পৰা বঞ্চিত।
উদাহৰণস্বৰূপে ইংলেণ্ডৰ লিভাৰপুলৰ বাসিন্দা জেইন ডেভিছৰ নাম বিশেষভাবে উল্লেখযোগ্য। জেইন ডেভিছ বিবাহ নোহোৱাকৈ ১৮ বছৰ বয়সতে মাতৃ হৈছিল। সন্তানটোক পিতৃৰ পৰিচয়ৰ অবিহনে ডাঙৰ কৰিব লগা হোৱাত জেইনক সকলো সময়তে বিমৰ্ষ কৰি ৰাখিছিল চৰম দৰিদ্রতা আৰু নিঃসংগতাই। এই বিমর্ষতা আৰু নিঃসংগতাৰ পৰা মুক্তি বিচাৰি এদিন জেইনে স্থানীয় পুথিভঁৰালটোলৈ গৈছিল আৰু তেওঁ কল্পনাই কৰা নাছিল যে মানুহৰ সুখ দুখৰ চিৰন্তন লগৰী পুথিভঁৰালটোৱে তেওঁৰ জীৱন সালনি কৰি দিব। পুথিভঁৰালটোত সোমাই তেওঁ এখন কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলে। কিতাপখন পঢ়ি থাকোতে জেইনৰ মনত কিতাপৰ কাহিনীটোৱে এক বিশেষ ক্রিয়া কৰিবলৈ ধৰিলে। পানীৰ অভাৱত শুকাই মৰহি যাব ধৰা গছৰ পুলিত পানী ঢালিলে সি যেনেকৈ পাছত ঠন ধৰিবলৈ আৰম্ভ কৰে ঠিক তেনেকৈ কিতাপখনৰ কাহিনীটোৰ চৰিত্রবোবে জেইনৰ মনত কিছুমান আচহুৱা ভাব আৰু অনুভূতি সঞ্চাৰিত কৰি দি তেওঁৰ
নিস্তেজ মনটোক সজীৱ কৰি তুলিলে। সেইয়াই আছিল আৰম্ভণি ,ইয়াৰ পাছৰে পৰাই জেইনে সদায় পুথিভৰাললৈ গৈছিল আৰু কিতাপ আনি পঢ়িবলৈ ধৰিলে। তেওঁ উপলব্ধি কৰিলে যে কিতাপেও মানুহক সুখ-যন্ত্রণাৰ পৰা মুক্তি দিব পাৰে। জেইনে তেওঁৰ দৰে ভুক্তভোগী মানুহবোৰক তেওঁব অভিজ্ঞতাৰ কথা ব্যক্ত কৰিলে আৰু জেইনৰ নেতৃত্বতে সকলোৱে লগ লাগি ২০০৮ চনত এটা অনুষ্ঠানৰ জন্ম দিলে। “The Readers Organisation’’। অনুষ্ঠানটোৰ শ্লোগান হ’ল “Get into Reading’’ কিতাপ পঢ়াৰ কামটোক অধিক আনন্দদায়ক আৰু মনোগ্রাহী কৰি তুলিবলৈ এই অনুষ্ঠানটোৱে একে ঠাইতে গোটখাই একেলগে কিতাপ পঢ়িবলৈ আৰম্ভ কৰিছিল। ঠিক আমাৰ ধর্মীয় অনুষ্ঠানবোৰত ধর্মীয় গ্রন্থসমূহ পঢ়াৰ দৰে। “The Readers Organisation’’ ৰ মুখ্য কার্যালয় ইংলেণ্ডৰ লিভাৰপুলত অৱস্থিত আৰু বর্তমান সময়ত প্রায় ১৫০ ৰো অধিক শাখা গঠিত হৈছে। বর্তমান সময়ত এই কিতাপ পঢ়া আন্দোলনটোৱে ইংলণ্ডৰ চিকিৎসালয়, অনাথ আশ্রম, কাৰাগাৰৰ আদিটো বিস্তাৰিত হৈছে। সংগঠনটোরে দাবী কৰিছে যে এই কিতাপ পঢ়া আন্দোলনটোৱে স্মৃতি শক্তি হেৰুৱা ৰোগী সকলকো বিশেষভাবে উপকৃত কৰিছে। অর্থাৎ আনে কিতাপ পঢ়ি থাকোতে সেইবোৰ শুনি শুনি স্মৃতিভংশত ভোগা ৰোগীসকলে আংশিকভাবে হলেও স্মৃতি শক্তি ঘূৰাই পোৱা সম্ভৱ হৈছে।
মাদক দ্রব্য সেৱন কৰা মানুহে যেনেকৈ মাদক দ্রব্য এৰিব নোৱাৰে ঠিক তেনেকৈ কিতাপ পঢ়া মানুহেও কিতাপ এৰিব নোৱাৰে, সেয়েহে কিতাপ পঢ়াটোও এক প্রকাৰৰ নিচাই। দুপৰীয়া বা ৰাতিৰ আহাৰৰ পাছত কিতাপ এখন হাতত লৈ বিছনাত পৰিলে টোপনি সোনকালে আহে, সেই অভিজ্ঞতা গ্রন্থপ্রিয় সকলোৰে আছে। বিশিষ্ট লেখক শ্রদ্ধাৰ হোমেন বৰগোহাঞি দেৱৰ ভাষাত এনেবিধ কিতাপৰ নামেই হৈছে Bed Side Book। নিজস্ব অভিজ্ঞতাৰ পৰা এই কথা সকলোৱে জানে যে যিকোনো চিন্তা-ভাৱনাৰ দ্বাৰা মগজটো সামান্য পৰিমানে উত্তেজিত হৈ থাকিলেও সহজে টোপনি আহিব নোখোজে। পৰিমিত পৰিমাণৰ যিকোনো নিচাই মগজটোক নিষ্ক্রিয় কৰি দি টোপনি অহাত সহায় কবে। ইয়াৰ পৰাই প্রমাণ হয় যে কিতাপেও আমাৰ মগজুৰ ওপৰত কানিৰ নিচিনাই ক্ৰিয়া কৰে। কিন্তু এই কথাৰ অর্থ নিশ্চয় নহয় যে কিতাপখনেই কানিতুল্য। ৰোমান্টিক উপন্যাস এখন হাতত লৈ বিচনাত পৰিলে হয়তো সেইখন পঢ়ি মধুৰ স্বপ্নাবেশত টোপনি আহিব। কিন্তু ভৌতিক বা হৰৰ উপন্যাস এখন পঢ়ি লৈ বিচনাত পৰিলে টোপনি আতংকিত হৈ দুৰলৈ পলাব।
কিন্তু কিতাপ পঢ়িলেইটো নহ’ব। তাক হজম কৰি মানসিক পুষ্টিৰ কামত লগাব পাৰিলেহে পঢ়াটো সার্থক হ’ব। কিন্তু ইখনৰ পিছত সিখন কিতাপ পঢ়ি মনত অদম্য তাড়না অনুভব কৰি থাকিলে কিতাপত পঢ়া কথাবোৰ হজম কৰিবলৈ সময় হ’ব কেতিয়া ?
শ্রদ্ধাৰ সাহিত্যিক হোমেন বৰগোহাঞিদেৱৰ মতে কিতাপত পঢ়া কথাবোৰ হজম কৰিবলৈ হ’লে গৰুক অনুসৰণ কৰিব লাগে।গৰুৱে যেনেকৈ দিনত খোৱা ঘাঁহবোৰ ৰাতি শোৱাৰ সময়ত পেটৰ পৰা মুখলৈ উলিয়াই আনি ধীৰে সুস্থিৰে পাগুলিবলৈ ধৰে ঠিক তেনেকৈ মানুহে কিতাপৰ ক্ষেত্রত এই স্বভাৱটো অনুসৰণ কৰিব লাগে। অর্থাৎ যিবোৰ কিতাপ পঢ়ি আমি আনন্দ পালো কিন্তু অনুভৱ কৰিবলৈ সময় নাপালো সেইবোৰ কিতাপৰ স্মৃতি বহুত দিনৰ পাছত ৰোমন্থন কৰিলে কিতাপখনৰ স্মৃতিসুধা পান কৰা যেন অনুভৱ হয়।
দেৱজিত গগৈ
জীয়াঢল উচ্চতৰ মাধ্যমিক বিদ্যালয়
সহায়ক গ্রন্থপঞ্জীঃ
১। কিতাপ জীৱনৰ সঞ্জীৱনী সুধা-হোমেন বৰগোহাঞি
