হেম প্ৰসাদ শৰ্মা
সহঃ শিক্ষক
বৰবাম আদৰ্শ উচ্চ মাধ্যমিক বিদ্যলয়

জিভা ওলোটাই কথা কোৱা প্ৰাণী
বিচাৰিলে পোৱা যাব ইয়াত
মহানৰ উদ্ধৃতি দি ‘মই’ৰ পৰিচয় লোভী
ছদ্মবেশী জাতীয়তাবাদী ও পাব।

দেশৰ আত্ম সংগতি একতাৰ জীৱন প্ৰগতি
পৰম্পৰাৰ নিয়ম-নীতি সংস্কৃতিৰ গৰিমা
এইবোৰৰ আঁৰেৰে শোকাকুলত হাত চাপৰি মৰা
কোকলোঙাবোৰো পোৱা যাব ইয়াতেই।

আছে চোকা দন্তৰে কেচা মঙহ আছোঁৰা
নিজকে চালাক বুলি দম্ভালি মৰা
নিৰ্লজ্জ ধূৰ্ত আৰু বহুতো ৰক্ত পিপাসু
সুপ্তভাৱে কৰি আছে বিচৰণ।

এই ৰক্ত পিপাসুৰ পৰা
নবোদিত প্ৰজন্মৰ বাবে
অধিগমৰ পথাৰত সেউজ বীজ সিঁচি
ৰাখিব লাগিব আমাৰ সমাজ ব্যৱস্থা।